প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচী লৈ আজি পুৱা দ্বীপ ৰাষ্ট্ৰ মৰিচাছত উপস্থিত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী নৱীচন্দ্ৰ ৰামগুলামে শ্ৰী মোদীক বিমান বন্দৰত আদৰণি জনায়। মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিমান বন্দৰত দেশখনৰ উপ-প্রধানমন্ত্রী, মুখ্য ন্যায়াধীশ, সংসদৰ অধ্যক্ষ, বিৰোধী দলপতি, বিদেশ মন্ত্রী, কেবিনেট সচিব, গ্ৰেণ্ড পোর্ট, জিলা পৰিষদৰ অধ্যক্ষ আৰু অন্যান্য বহু নেতাই প্রধানমন্ত্রী মোদীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে বিমান বন্দৰত মৰিচাছৰ প্ৰধানমন্ত্ৰী নৱীচন্দ্ৰ ৰামগুলামৰ আদৰণিয়ে তেওঁক অভিভূত কৰি তুলিছে।
এই ভ্রমণে তেওঁক এগৰাকী মূল্যবান বন্ধুৰ সৈতে সময় কটোৱাৰ অপূর্ব সুযোগ দিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে এই ভ্ৰমণে ভাৰত আৰু মৰিচাছৰ মাজত বিভিন্ন ক্ষেত্ৰৰ সহযোগিতাৰ নতুন দুৱাৰ খুলি দিব। মৰিচাছৰ ৰাষ্ট্ৰপতি ধৰ্ম গকুল, প্রধানমন্ত্ৰী নৱীচন্দ্ৰ ৰামগুলামৰ সৈতে আলোচনাত বহাৰ লগতে এটা সামূহিক কাৰ্যসূচীতো অংশগ্রহণ কৰিব বুলি প্ৰধানমন্ত্রী মোদীয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্রী মোদী থকা হোটেলৰ সন্মুখত মৰিচাছবাসী ভাৰতীয়সকলে ভিৰ কৰে। প্ৰধানমন্ত্ৰীক তেওঁলোকে গীত, নৃত্য আৰু অন্যান্য সাংস্কৃতিক পৰিবেশনেৰে আদৰণি জনায়। শ্ৰী মোদীয়ে মৰিচাছৰ প্রবাসী ভাৰতীয়সকলৰ আদৰণিত আপ্লুট হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে প্রবাসী ভাৰতীয়সকলৰ ভাৰতৰ ঐতিহ্য, সংস্কৃতি আৰু প্ৰমূল্যৰ সৈতে থকা শক্তিশালী বান্ধোন সঁচাকৈয়ে প্ৰেৰণা দায়ক। তেওঁ এই ঐতিহাসিক আৰু আত্মিক বান্ধোন উত্তৰ প্ৰজন্মলৈ সঞ্চাৰিত হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। এই দুদিনীয়া ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে দেশখনত ভাৰতৰ পুঁজিৰে নিৰ্মাণ কৰা দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে বিভিন্ন খণ্ডৰ ২০টাৰো অধিক প্রকল্প মুকলি কৰিব। তেওঁ কাইলৈ মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুয়োখন দেশে যোগ্যতা বিকাশ, বাণিজ্য আৰু বিত্তীয় অপৰাধকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো সহযোগিতামূলক চুক্তিত স্বাক্ষৰ কৰাৰ আশা আছে।