যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ প্রধানমন্ত্ৰী মোডীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে। অহা ২১ জুনত হ’বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্রধানমন্ত্রীয়ে কয় যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিশেষ কাৰ্যসূচীৰ হাতত লোৱা হৈছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা মোডী কা পৰিবাৰ বাক্যশাৰী আঁতৰ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে। তেওঁ সামাজিক মাধ্যমৰ এটা পোষ্টত কালি কয় যে নির্বাচনী প্ৰচাৰৰ সময়ত সমগ্ৰ দেশৰ জনসাধাৰণে তেওঁৰ প্ৰতি মৰম ভালপোৱাৰ চিনস্বৰূপে ছ’চিয়েল মিডিয়াত নিজৰ পৰিচয়ৰ সৈতে মোডী কা পৰিবাৰ বাক্যশাৰীত যোগ কৰিছে আৰু ইয়াৰ পৰা তেওঁ যথেষ্ট শক্তি লাভ কৰিছে। জনসাধাৰণে এন ডি এক দেশৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ জনাদেশ দিয়া বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক