প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছেঃ ৰাহুল গান্ধী

◊ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবুলি দাবী কৰিছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছে আৰু কংগ্ৰেছে মহিলাৰ মংগলসূত্র তথা জনসাধাৰণৰ বাসগৃহ কাঢ়ি নিব বুলি দাবী কৰিব লৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে কংগ্ৰেছে বিজেপিৰ ৩০০খন আসনৰ ভিতৰত ডেৰশৰো অধিক আসন কাঢ়ি লৈ পৰৱৰ্ত্তী চৰকাৰ গঠন কৰিবলৈ ওলোৱাৰ বাবেই শ্রীমোডীয়ে এনে ধৰণৰ হাস্যস্পদ আৰু মিছা কথা ক’বলৈ লৈছে।

Read More: চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধানমন্ত্ৰী

শ্রীমোডীয়ে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সম্পত্তিৰ দখল সম্পৰ্কীয় বিত্তীয় আৰু প্ৰতিষ্ঠানগত জৰীপ সন্দৰ্ভত শ্রীগান্ধীৰ বিবৃতিৰ কথা উল্লেখ কৰি কংগ্ৰেছ দল ক্ষমতালৈ আহিলে দলটোৱে মহিলাৰ মংগলসূত্রসহ সকলো সম্পত্তিৰ জৰীপ চলাব আৰু পুনৰ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।

অধিক পঢ়ক

সকলো চাওক