উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব।

Read More News : 

সমষ্টিটোত বিজেপি প্রার্থীগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰকাশ যোশীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ’ল ৰাজ্যখনত শ্ৰীমোদীৰ নির্বাচনকেন্দ্রিক প্রথমখন সভা। ৰাজ্যখনৰ ৫টা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত মুঠ ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।

অধিক পঢ়ক

সকলো চাওক