প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলক কুইজত ভাগ লৈ ঐতিহাসিক বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ অংশ হ’বলৈ আহ্বান জনাইছে। ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই সৰ্বভাৰতীয় ডিজিটেল কুইজ প্রতিযোগিতাৰ ৫ ডিচেম্বৰত সামৰণি পৰিব। এই প্ৰতিযোগিতাত ১৫ ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰৰ সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব । প্রধানমন্ত্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এয়া যুৱক-যুৱতীসকলৰ অমূল্য অৱদান হ’ব। লগতে তেওঁ কয়, যে তেওঁলোকৰ উদ্ধাৱনী ধাৰণা চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ ব্যক্তিলৈ আগবঢ়োৱাৰ বাবে এয়া এক বিশেষ সুযোগ।
Site Admin | November 27, 2024 8:52 PM | PM Modi Urges Youth to Join Quiz for Viksit Bharat Young Leaders Dialogue
যুৱক-যুৱতীসকলক কুইজত ভাগ লৈ ঐতিহাসিক বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ অংশ হ’বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
