প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয় আৰু অন্যান্য দেশৰ লোকসকলক ‘ভাৰতক জানো আহক’ কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সামাজিক মাধমত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কুইজে ভাৰত আৰু বিশ্বজুৰি বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ মাজত সংযোগ আৰু অধিক গভীৰ কৰি তুলিব । শ্রীমোদীয়ে এই কুইজক ভাৰতৰ চহকী ঐতিহ্য আৰু প্ৰাণৱন্ত সংস্কৃতিক পুনৰ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত এটা যুগান্তকাৰী দিশ বুলি উল্লেখ কৰে। এই কুইজৰ বিজয়ীসকলেও ভাৰতৰ বিস্ময়সমূহৰ অভিজ্ঞতা লাভ কৰিবলৈ সুন্দৰ সুযোগ পাব বুলি শ্রীমোদীয়ে লগতে কয়।
Site Admin | November 23, 2024 6:06 PM