প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব। এই ভ্রমণ কালত শ্রীমোদীয়ে পেৰিচত হ’বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিবলৈ দি কালি কয় যে শ্ৰীমোদীয়ে অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। প্রধানমন্ত্ৰীৰ এই ভ্রমণে দেশ দুখনৰ পাৰস্পৰিক সম্পর্ক অধিক শক্তিশালী কৰিব বুলি ভাৰত-ফ্রান্স বাণিজ্য আৰু উদ্যোগ মহাসংঘৰ অধ্যক্ষ কৌমাৰ আনন্দ প্রকাশ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা আৰু বিশ্বাসৰ সম্পৰ্ক বিনিময় কৰে বুলিও মন্তব্য কৰে। শ্ৰী মোদীৰ এই ভ্রমণে দেশ দুখনৰ মাজত ব্যৱসায়-বাণিজ্য অধিক সুচল কৰিব বুলিও তেওঁ মতপ্রকাশ কৰে। ভাৰত আৰু ফ্ৰান্স উভয়ৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, যে দুয়োখন দেশে ইয়াৰ সহায়ত প্ৰযুক্তিগত দিশত বিস্তৰ অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হ’ব।
Site Admin | February 8, 2025 9:18 PM | PM Modi to visit France and the US from Feb 10
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব
