ডাউনলোড
মোবাইল এপ

android apple
signal

গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক মুকলি কৰিব। শ্রীমোদীয়ে আহমদাবাদৰ পৰা গান্ধীনগৰ তথা জি আই এফ টি মহানগৰ সংযোগী আহমদাবাদ মেট্ৰ’ৰ দ্বিতীয় পর্যায়ো মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব। শ্রী মোদীয়ে আহমদাবাদ আৰু ভূজৰ মাজৰ প্ৰথমখন বন্দে ভাৰত মেট্ৰ’ ৰে’লকে ধৰি ৮ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছু সংখ্যক প্রকল্প মুকলি কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় নবীকৰণযোগ্য শক্তি বৈঠক তথা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই বৈঠকত নবীকৰণযোগ্য শক্তি উৎপাদন তথা ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় প্ৰগতিৰ ওপৰত আলোকপাত কৰা হ’ব। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী তথা গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পাটেল উদ্বোধনী অনুষ্ঠান উপস্থিত থাকিব। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই কাৰ্যসূচীত ৪০ খনতকৈ অধিক বৈঠক তথা বিশেষ আলোচনা অনুষ্ঠিত হ’ব। অধিবেশনসমূহত উদ্ভাৱনীমূলক বিত্ত যোগান, গ্রীন হাইড্ৰ’জেন তথা ভৱিষ্যতৰ শক্তি সন্দৰ্ভত আলোকপাত কৰা হ’ব। জার্মানী, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক আৰু নৰৱেই এই অনুষ্ঠানত মিত্ৰদেশ হিচাপে অংশগ্ৰহণ কৰাৰ লগতে অন্ধ্রপ্রদেশ, কর্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তেলেংগানা আৰু উত্তৰ প্রদেশে মিত্ৰ ৰাজ্য হিচাপে অংশগ্রহণ কৰিব। এই বৈঠকৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীত নবীকৰণযোগ্য শক্তি খণ্ডত ৰাজহুৱা তথা ব্যক্তিগত খণ্ড সংস্থা, ষ্টার্টআপ তথা ঔদ্যোগিক জগতৰ কৰ্ণধাৰসকলৰ শেহতীয়া উদ্ভাৱন প্ৰদৰ্শিত হ’ব। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অহা ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া সামৰণী অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক