ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন-কৰ্মভিত্তিক ৩খন গ্ৰন্থ উন্মোচন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মক সামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰিব। শ্রীনাইডুৰ ৭৫ বছৰীয়া জন্মদিনৰ লগত সংগতি ৰাখি গ্ৰন্থ তিনিখন উন্মোচন কৰিবলৈ লোৱা হৈছে। হায়দৰাবাদৰ গাছিবউলিৰ অন্বয়া প্ৰেক্ষাগৃহত প্রাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিন উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্রধানমন্ত্ৰীয়ে উন্মোচন কৰিবলগীয়া গ্ৰন্থকেইখন হৈছে— আগশাৰীৰ কাকত দি হিন্দুৰ হায়দৰাবাদ সংস্কৰণৰ প্রাক্তন আৱাসিক সম্পাদক এছ নাগেশ কুমাৰৰ “VENKAIAH NAID – LIFE IN SERVICE”, উপ-ৰাষ্ট্ৰপতিৰ প্ৰাক্তন সচিব ড০ আই ভি চুব্বা ৰাওৰ CELEBRATING BHARAT- THE MISSION AND MESSAGE OF SHRI M VENKAIAH NAIDU AS 13TH VICE PRESIDENT OF INDIA আৰু সঞ্জয় কিশোৰৰ “MAHANETA- LIFE AND JOURNEY OF SHRI M. VENKAIAH NAIDU”।

অধিক পঢ়ক

সকলো চাওক