ডাউনলোড
মোবাইল এপ

android apple
signal

উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে আয়োজন কৰা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা লোকসকলক উদ্দেশ্যি ভাষণ দিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ন্যায়পালিকাৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনো মুকলি কৰিব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীন সঞ্জীৱ খান্নাকে ধৰি অন্যান্য ন্যায়াধীশসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক