ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাস্থ্য খণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে ১২ হাজাৰ ৮৫০ কোটি টকাৰো অধিক ধন ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অন্যান্য ভালেমান প্রকল্প মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৭০ বছৰ আৰু তাতকৈ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্প্ৰসাৰিত স্বাস্থ্য সেৱাৰ সুবিধা মুকলি কৰিব। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সৈতে অতিৰিক্তভাৱে সংযোজিত এই উদ্যমে যিকোনো উপাৰ্জনৰ জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য সেৱাৰ সুবিধাৰে সামৰি ল’ব। স্বাস্থ্য তথা আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ বিকাশৰ লক্ষ্যৰে শ্ৰীমোদীয়ে কেইবাটাও স্বাস্থ্য সেৱা প্ৰতিষ্ঠানৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ দেশৰ সৰ্বপ্ৰথম অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ দ্বিতীয় পৰ্যায়ৰ কামকাজ মুকলি কৰিব। এই পৰ্যায়ত এখন পঞ্চকর্ম হাস্পতাল, ঔষধ প্ৰস্তুতকৰণৰ বাবে এখন আয়ুর্বেদিক ফার্মাচী, এটা ক্রীড়া ঔষধ গোট, এটা কেন্দ্ৰীয় পুথিভঁড়াল আৰু ৫০০ খন আসনযুক্ত এটা প্ৰেক্ষাগৃহকে ধৰি বিভিন্ন উন্নত সা-সুবিধা সামৰি লোৱা হৈছে। তেঁও লগতে মধ্যপ্ৰদেশৰ মন্দচোৰ, নিমজ্জ আৰু চিৱনিত ৩ খন চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব। ইয়াৰ উপৰি শ্ৰী মোদীয়ে অসমৰ গুৱাহাটীৰ লগতে হিমাচল প্ৰদেশৰ বিলাসপুৰ, পশ্চিমবংগৰ কল্যাণী, বিহাৰৰ পাটনা, উত্তৰ প্ৰদেশৰ গোৰখপুৰ, মধ্য প্ৰদেশৰ ভূপাল আৰু নতুন দিল্লীত এইমছৰ বিভিন্ন সম্প্ৰসাৰিত সেৱা তথা সুবিধাৰ শুভাৰম্ভ কৰিব। এই সম্প্ৰসাৰিত সেৱাত জনঔষধী কেন্দ্ৰকো সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে মধ্য প্ৰদেশৰ শিৱপুৰী, ৰটলাম, খান্দৱা, ৰাজগড় আৰু মন্দচোৰত ৫ খন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে আজিৰ অনুষ্ঠানত U-WIN শীৰ্ষক এটা প’ৰ্টেলো মুকলি কৰিব। এই প’ৰ্টেল গৰ্ভৱতী মহিলা আৰু নৱজাতকসকলৰ টীকাকৰণ প্ৰক্ৰিয়াৰ সহায়ক হ’ব। প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ভূবনেশ্বৰত এটা কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰো মুকলি কৰিব।

অধিক পঢ়ক

সকলো চাওক