প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰত ঝাৰখণ্ডত ৮৩ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ ভালেমান আঁচনিৰ আধাৰশিলা আৰু কেইবাখনো আঁচনি মুকলি কৰিব। এই ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে হাজাৰীবাগত ৭৯ হাজাৰ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ ধর্তি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান মুকলি কৰিব। এই অভিযানৰ অধীনত সমগ্ৰ দেশৰ ৫৪৯ খন জিলা আৰু দুহেজাৰ ৭৪০ টা খণ্ডৰ ৬৩ হাজাৰৰো অধিক গাঁৱৰ ৫ কোটিৰো অধিক জনজাতীয় লোকক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দুহেজাৰ ৮০০ কোটিৰো অধিক ব্যয়সাপেক্ষ ৪০ খন একলব্য বিদ্যালয় মুকলি কৰাৰ লগতে ২৫ খন একলব্য বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে এহেজাৰ ৩৬০ কোটি টকাৰ প্ৰধানমন্ত্রী জনজাতিআদিবাসী ন্যায় মহাঅভিযানৰ অধীনত ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰিব। ইয়াৰ ভিতৰত পথ, অংগনৱাড়ী কেন্দ্ৰ, বহুমুখী কেন্দ্ৰ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নিবাস নিৰ্মাণ কৰা হ’ব। প্ৰধানমন্ত্রীয়ে লগতে পি এম জনমন আঁচনিৰ সাফল্যক উদযাপন কৰাৰ বাবে ৩ হাজাৰ গাঁৱৰ ৭৫ হাজাৰ ৮০০ৰো অধিক বিশেষকৈ, অতি পিচপৰা জনজাতীয় লোকৰ বাসগৃহত বৈদ্যুতিকৰণৰ আঁচনি মুকলি কৰিব। ইয়াৰ উপৰি ২৭৫ খন ভ্ৰাম্যমাণ চিকিৎসা গোট, ৫০০টা অংগনৱাড়ী কেন্দ্ৰৰ কাৰ্যকৰীকৰণ, ২৫০টা বনধন বিকাশ কেন্দ্ৰ আৰু নল সে জল কাৰ্যসূচীৰ অধীনত অতি পিছপৰা জনজাতীয় গাঁৱৰ ৫ হাজাৰ ৫৫০ টা বাসগৃহত বিশুদ্ধ খোৱা পানীৰ সংযোগ দিয়া হ’ব
Site Admin | September 30, 2024 8:38 PM