ডাউনলোড
মোবাইল এপ

android apple
signal

পোলেণ্ডৰ ৱাৰশ্ব’ত প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতিনিধি পৰ্যায়ৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পোলেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ত দেশখনৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। আলোচনাকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলোৱাৰ লগতে ভালেমান বিষয় লৈ মতবিনিময় কৰাৰ সম্ভাৱনা আছে। দুয়ো পক্ষৰ মাজৰ এই বৈঠকে অন্য বিকল্প অন্বেষণৰো সুযোগ প্ৰদান কৰিব। শ্রীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাকো সাক্ষাৎ কৰিব। ইয়াৰ পূর্বে প্রধানমন্ত্রী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব। তেওঁ লগতে অজ্ঞাত সৈনিকৰ স্মাৰকত পুষ্পার্ঘ্য নিবেদন কৰিব। তেওঁ বিশিষ্ট ব্যৱসায়ী আৰু পোলেণ্ডৰ ভালেসংখ্যক গণ্য-মান্য ব্যক্তিৰ সৈতে মতবিনিময় কৰিব।

ৱাৰশ্ব’ত যোৱা নিশা প্রৱাসী ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ভাৰতে সকলোৰে সৈতে সংপৃক্ত হৈ থাকিব বিচাৰে আৰু সকলোৰে উন্নয়ন তথা কল্যাণ কামনা কৰে। তেওঁ কয় যে দশক দশক ধৰি ভাৰতে নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰিছিল যদিও সম্প্ৰতি সকলো ৰাষ্ট্ৰৰ সৈতে ঘনিষ্ঠ হৈ থকাই বৰ্তমানৰ ভাৰতৰ নীতি। তেওঁ কয় যে ভাৰতে এয়া যুদ্ধৰ যুগ নহয় বুলি গণ্য কৰে আৰু সংঘৰ্ষৰ অৱসানৰ বাবে আলোচনা তথা কূটনীতিত বিশ্বাস কৰে। ভাৰতে অঞ্চলটোত শান্তিৰ পোষকতা কৰে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই সম্প্ৰতি ভাৰতবৰ্ষক বিশ্ববন্ধু হিচাপে সন্মান কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি পোলেণ্ড আৰু ইউক্রেইনৰ দ্বিদেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত ৱাৰশ্ব’ত উপস্থিত হয়। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে এই ভ্রমণে ভাৰত আৰু পোলেণ্ডৰ মাজৰ মিত্ৰতা অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে বিগত ৪৫ বছৰত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম পোলেণ্ড ভ্রমণ।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ আমন্ত্রণমর্মে ইউক্রেইনত উপস্থিত হ’ব। এয়া হ’ব ১৯৯২ চনত দ্বিপাক্ষিক সম্পৰ্ক আৰম্ভ হোৱাৰ পাছৰে পৰা কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্রেইন ভ্রমণ। কীভত প্ৰধানমন্ত্রী মোদীয়ে ৰাজনীতি, ব্যৱসায়, অর্থনীতি, বিনিয়োগ, শিক্ষা, সংস্কৃতি, জনসম্পৰ্ক আৰু মানৱীয় সাহায্যকে ধৰি বিভিন্ন দ্বিপাক্ষিক বিষয় লৈ আলোচনা কৰিব । শ্রীমোদীয়ে লগতে শিক্ষার্থীসহ ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মতবিনিময়ো কৰিব। প্রধানমন্ত্ৰীৰ এই ঐতিহাসিক ইউক্রেইন ভ্রমণে দ্বিপাক্ষিক সম্পৰ্কৰ প্রসাৰত সহায় কৰিব।

অধিক পঢ়ক

সকলো চাওক