ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব। দেশখনৰ যুৱৰাজ আৰু প্রধানমন্ত্রী প্রিন্স মহম্মদ বীন ছলমনৰ আমন্ত্ৰণ ক্ৰমে শ্ৰী মোদী ছৌডি আৰবলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত আজি উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব তৃতীয়টো ছৌডি আৰব ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৬ আৰু ২০১৯ চনত দেশখনলৈ গৈছিল। ইয়াৰ পাছতে ২০২৩ চনৰ ছেপ্তেম্বৰত জি-২০ শীৰ্ষ সন্মিলনত যোগ দিবলৈ প্রিন্স ছলমন ভাৰতলৈ আহিছিল। ভাৰত আৰু ছৌডি আৰবৰ মাজত সামাজিক, সাংস্কৃতিক আৰু বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া বন্ধুত্ব আছে। দুয়োখন দেশে ৰাজনৈতিক, প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, বিনিয়োগ শক্তি, প্রযুক্তি, স্বাস্থ্য, শিক্ষা, সংস্কৃতি আজি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্বন্ধ বর্তাই আহিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক