প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোত ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে অংশগ্রহণ কৰিব। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি, পর্যটন আৰু পৰস্পৰৰ মাজৰ বিনিময় আদি দ্বিপাক্ষিক বিষয়সমূহ সন্দৰ্ভত পর্যালোচনা চলাব। তেওঁলোকে পাৰস্পৰিক স্বার্থজড়িত সাম্প্রতিক আঞ্চলিক আৰু গোলকীয় বিকাশক লৈও মত বিনিময় কৰিব। তদুপৰি তেওঁলোকে ব্ৰিকছ, চাংহাই সহযোগিতা সংস্থা, জি-২০, পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘত দ্বিপাক্ষিক সম্পর্ক সন্দৰ্ভতো আলোকপাত কৰিব। ইয়াৰ পূৰ্বে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মস্কো বিমানবন্দৰত সম্ভাষণ জনোৱা হয়। দেশখনৰ প্ৰথমজন উপ-প্রধানমন্ত্রী ডেনিছ মণ্টুৰোভে প্রধানমন্ত্ৰী মোদীক আদৰণি জনায়।
শ্রীমোদীয়ে আজি ৰাছিয়াত ভাৰতীয় সমূদায়ৰ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ লগতে ক্রেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰোছাটন পেভিলিয়ন দৰ্শন কৰিব। ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ভ্ৰমণ সামৰি শ্ৰীমোদী অষ্ট্ৰিয়ালৈ যাব। অষ্ট্ৰিয়াৰ চেঞ্চেলৰৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ যাব। এয়া হ’ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ।
অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰৰ সৈতেও আলোচনাত মিলিত হ’ব। শ্রীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব।