ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক অনুষ্ঠিত । এইবাৰৰ বৈঠকৰ বিষয়বস্তু হৈছে “বিকশিত ভাৰত@২০৪৭’-ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ। নিটি আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি এই বৈঠকৰ লক্ষ্য হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা গঢ়ি তোলাৰ লগতে গাঁও-নগৰ উভয় ক্ষেত্ৰতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা। এই বৈঠকত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভূমিকা সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হ’ব৷ নিটি আয়োগে উল্লেখ কৰে যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ পথত অগ্ৰসৰ হৈছে৷ প্রধানমন্ত্ৰীগৰাকী নিটি আয়োগৰ অধ্যক্ষ। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্রী, নিটি আয়োগৰ উপাধ্যক্ষ আৰু সদস্য- আদি আজিৰ বৈঠকত উপস্থিত।

অধিক পঢ়ক

সকলো চাওক