ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুৱনেশ্বৰত আয়োজিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ ওড়িশাৰ ভুৱনেশ্বৰত আয়োজিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্রহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি তিনিদিনীয়া এই সন্মিলন উদ্বোধন কৰে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰাৰ বাবে দেশৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিত বিষয়াসকলৰ এখন মঞ্চ প্ৰদান কৰাৰ বাবেই এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনত সন্ত্রাসবাদ বিৰোধী, বাওপন্থী উগ্রবাদ, উপকূলীয় নিৰাপত্তা, নতুন ফৌজদাৰী আইন আদি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হ’ব। এই সন্মিলনতেই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদকো প্ৰদান কৰা হ’ব।

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, শ্রীমোদীয়ে সদায়েই এই সন্মিলনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰৰ লগতে অন্যান্য প্রতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ওড়িশা ভ্রমণসূচীৰে কালি সন্ধিয়া ভুৱনেশ্বৰত উপস্থিত হয়। ইয়াৰ পাছত প্ৰধানমন্ত্রীয়ে বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এখন জনসভাক সম্বোধন কৰে। তেওঁ লগতে বিমান বন্দৰৰ পৰা ৰাজভৱনলৈ আয়োজিত এটা ৰোড শ্ব’তো ভাগ লয়। ইয়াৰ পাছত শ্ৰীমোদীয়ে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বিজেপিৰ সাংসদ আৰু বিধায়কসকলৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময় কার্যসূচীত কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান, অশ্বিনী বৈষ্ণৱ, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ লগতে দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক