প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় সমস্যাৰ স্থানীয় সমাধান উলিওৱাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত নৱগঠিত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ পৰিচালনা পৰিষদৰ প্ৰথমলানি বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। বৈঠকত প্রধানমন্ত্ৰীয়ে গৱেষণা অনুকুল ব্যৱস্থাৰ ক্ষেত্ৰত অন্তৰায়ৰূপে দেখা দিয়া বাধাসমূহ চিনাক্ত কৰিবলৈ আৰু এই সমস্যাসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনায়। তেওঁ কয় যে গৱেষণাত বৰ্তমানৰ সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা উচিত ৷ প্ৰতিষ্ঠানসমূহৰ উন্নয়ন আৰু মানলৈ অনাৰ বাবে আহ্বান জনাই প্রধানমন্ত্রীয়ে বিষয়টো বিশেষজ্ঞসকলৰ একন তালিকা প্ৰস্তুত কৰিবলৈ আৰু গৱেষণা আৰু উন্নয়নৰ প্ৰগতিৰ মূল্যায়নৰ বাবে ডেস্কবোর্ড বিকশাই তোলাৰ পৰামৰ্শ আগবঢ়ায়। প্রধানমন্ত্রীয়ে লগতে গৱেষণা আৰু উদ্ভাৱনৰ বাবে সম্পদসমূহৰ ব্যৱহাৰৰ বৈজ্ঞানিক নিৰীক্ষণৰ আৱশ্যকতাৰ বিষয়েও গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, বৈজ্ঞানিক সমাজে তেওঁলোকৰ প্ৰচেষ্টাসমূহৰ বাবে সম্পদৰ অভাৱ নহ’ব বুলি পতিয়ন যোৱা উচিত। অটল তিংকাৰিং পৰীক্ষাগাৰ সন্দৰ্ভত শ্রীমোদীয়ে এই পৰীক্ষাগাৰসমূহৰ ক্ৰম তালিকা প্রস্তুত কৰিব পৰা যায় বুলি পৰামৰ্শ দিয়ে। বৈঠকত পৰিচালনা পৰিষদে গৱেষণাৰ প্ৰাৰম্ভিক পৰ্যায়ত থকা বিশ্ববিদ্যালয়সমূহক শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ সৈতে সংযুক্ত কৰি এটা বিশেষ কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০-ৰ পৰামৰ্শ অনুযায়ী অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন গঠন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু গৱেষণা তথা উন্নয়ন পৰীক্ষাগাৰত গৱেষণা আৰু উদ্ভাৱনৰ সংস্কৃতি সুদৃঢ় কৰাৰ উদ্দেশ্যে এই ফাউণ্ডেচন গঠন কৰা হৈছে। অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন, দেশত বৈজ্ঞানিক গৱেষণাৰ বাবে উচ্চ পৰ্যায়ৰ কৌশলগত দিশ প্ৰদানৰ সৰ্বোচ্চ নিকায় ।
Site Admin | September 10, 2024 8:57 PM | PM Modi Stresses Local Solutions for Global Problems at First ANRF Governing Board Meeting