প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজৰ চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজে আজি যুটীয়াভাৱে বদোদৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কাৰ্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্ৰনিকছ লিমিটেড আৰু ভাৰত ডায়নেমিকছ লিমিটেডৰ দৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অগ্ৰণী গোটসমূহৰ লগতে ব্যক্তিগত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰিহণা যোগায়। আকাশবাণী আহমেদাবাদাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি বদোদৰাত উপস্থিত হোৱাৰ পাছতেই দুয়োগৰাকী নেতাই এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত নেতা দুগৰাকীৰ মাজত প্রতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে টাটা এয়াৰবাছ প্রকল্প হৈছে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত সামৰিক বিমানৰ বাবে গ্ৰহণ কৰা দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ এৰোস্পেচ প্রকল্প। এই প্ৰকল্পই ভাৰত আৰু স্পেইনৰ মাজৰ কৌশলগত প্ৰতিৰক্ষা সম্পৰ্কক সুদৃঢ় কৰিব। ২০২২ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বদোদৰা ফাইনেল এছেম্বলি লাইনৰ আধাৰশিলা স্থাপন কৰিছিল।

অধিক পঢ়ক

সকলো চাওক