প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে। তেওঁ সকলো চৰকাৰী আঁচনি সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰকৃত ৰূপ বুলি অভিহিত কৰি আঁচনিসমূহৰ ১০০ শতাংশ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদ্যোগী নিখিল কামাথৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে মানুহ হিচাপে তেখেতৰ ভুল হ’ব পাৰে, কিন্তু তেখেতে কেতিয়াও অসৎ উদ্দেশ্যৰে ভুল নকৰে। ৰাজনীতিত সফল হ’বলৈ হ’লে নিষ্ঠা আৰু দায়বদ্ধতা থাকিব লাগিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে বিশ্বাস কৰে যে ৰাজনীতিলৈ ভাল মানুহৰ আগমন হোৱা উচিত। প্রধানমন্ত্রীয়ে লগতে কয় যে এজন ভাল ৰাজনীতিবিদ এজন ভাল যোগাযোগকাৰীও হ’ব লাগে। তেওঁ লক্ষ্য কৰে যে নীতি নিৰ্দ্ধাৰণৰ লগত জড়িত ব্যক্তিয়ে বৃহৎ পৰিৱৰ্তন আনিব পাৰে, যিটো চৰকাৰী ব্যৱস্থাত থকাৰ আটাইতকৈ ডাঙৰ সুবিধা। বৰ্তমানৰ সময়ত সামাজিক মাধ্যমৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে ই গণতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ আহিলা আৰু ইয়াৰ দ্বাৰা গণতন্ত্ৰক শক্তিশালী কৰিব পৰা যায়। প্রধানমন্ত্ৰীয়ে লগতে কয় যে যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ত সামাজিক মাধ্যমৰ পৰা তথ্য লাভ কৰি উপকৃত হৈছে। সাম্প্ৰতিক বিশ্বৰ প্ৰত্যাহ্বান সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্রী মোদীয়ে কয় যে বিশ্বই ভাৰতক বিশ্বাস কৰে, কাৰণ ভাৰতৰ স্থিতি সদায় সবল আৰু সুস্থিৰ। তেওঁ লগতে কয় যে বর্তমান বিশ্বৰ বিভিন্ন সংকটত নতুন দিল্লীয়ে শান্তিৰ পক্ষত থকা বুলি বাৰে বাৰে কৈ আহিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে
