প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

Imageৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। আনহাতে শ্রীমোদীয়ে মস্কোত কালি প্রবাসী ভাৰতীয় সকলৰ সৈতেও মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কালি অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত হয়। দুদিনীয়া ৰাছিয়া ভ্ৰমণ সামৰি দেশখনত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়।

Image

বিগত ৪১ বছৰত এয়া কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্টিয়া ভ্রমণ। শ্রীমোদীয়ে আজি অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱান ডেৰ বেলেনক সাক্ষাৎ কৰিব আৰু চেন্সেলৰ কাৰ্ল নেহমৰৰ সৈতে আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰী মোদী আৰু চেন্সেলৰ নেহমৰে ভাৰত আৰু অষ্ট্ৰিয়াৰ বিশিষ্ট ব্যৱসায়ীসকলক সম্বোধন কৰিব। শ্রীমোদীয়ে ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত-বিনিময় কৰিব।

Image

যোৱা নিশা শ্রীমোদীয়ে চেন্সেলৰগৰাকীয়ে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে। ইপিনে ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, ধ্ৰুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম।

Image

নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰসাৰ ভাৰতী আৰু টিভি নৱষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্টাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা বৈঠকত ঘাইকৈ অৰ্থনৈতিক সহযোগিতাৰ বিষয় লৈ আলোচনা হয়। আলোচনাত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্র, ব্যাপক বাণিজ্য, মূলধনী সম্পর্ক, শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষা খণ্ডত দুয়ো দেশৰ মাজত সহযোগিতাৰ বিভিন্ন দিশ সামৰি লোৱা হয়।

অধিক পঢ়ক

সকলো চাওক