অযোধ্যাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অযোধ্যাত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সুগ্ৰীৱ কিলাৰ পৰা ৰোড শ্ব’ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰামলালাৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে।

Read More : 

চলিত বৰ্ষৰ ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত এয়া আছিল শ্রীমোদীৰ প্ৰথমটো অযোধ্যা ভ্রমণ। তেওঁ সুগ্ৰীৱ কিলাৰ পৰা লতা চৌকলৈ প্ৰায় ২ কিলোমিটাৰ দীঘলীয়া ৰোড শ্ব’ত অংশ লয়।

Image

উল্লেখযোগ্য যে বিজেপিয়ে অযোধ্যাৰ পৰা বৰ্তমানৰ সাংসদ লল্লু সিঙক টিকট দিয়াৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে জ্যেষ্ঠ নেতা অৱদেশ প্রসাদক প্রার্থিত্ব প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে শ্রীমোদীয়ে উত্তৰ প্ৰদেশৰ এটাৱাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছক কোভিড বিষয়ৰ সন্দৰ্ভত কঠোৰ ভাষাৰে সমালোচনা কৰে।

Image

তেওঁ কয় যে, এই দলসমূহে কোভিডৰ সময়ত জনসাধাৰণৰ মাজত অপপ্ৰচাৰ চলোৱাৰ লগতে তেওঁলোকক বিভ্রান্ত কৰাৰ চেষ্টা কৰিছিল।

Image

ইয়াৰ বিপৰীতে তেওঁৰ চৰকাৰ আৰু বিজ্ঞানীসকলে প্ৰতিজন লোকৰ জীৱন বচোৱাৰ বাবে কঠোৰ চেষ্টা চলাইছিল বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ পাছত তেওঁ সীতাপুৰ জিলাত আন এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছে সংখ্যালঘুৰ ভোট হেৰুৱাবলৈ ধৰাৰ বাবে এতিয়া স্বজন-তোষণৰ নীতি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক