প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ আমন্ত্রণমৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি কালি নতুন দিল্লীত উপস্থিত হয়। ড’নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীমোদীৰ এয়া আছিল প্ৰথম আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ। এই ভ্রমণকালত প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৱাশ্বিংটনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। হোৱাইট হাউছত প্ৰায় ৪ ঘণ্টা ধৰি চলা এই আলোচনাত কৌশলগত আৰু নিৰাপত্তা সহযোগিতা, প্ৰতিৰক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক, প্রযুক্তি, শক্তি সুৰক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰা হয় ৷ দুয়োগৰাকী নেতাই যুটীয়াভাৱে ২১ শতিকাৰ বাবে ইউ এছ-ইণ্ডিয়া কম্পেক্ট মুকলি কৰে। কম্পেক্টৰ অৰ্থ হৈছে- সামৰিক অংশীদাৰিত্ব, বাণিজ্যৰ প্ৰসাৰ আৰু প্ৰযুক্তিৰ বিভিন্ন ক্ষেত্ৰত সুযোগ সৃষ্টি কৰা। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ ক্ষেত্ৰত ২০৩০ চনৰ ভিতৰত পাৰস্পৰিক বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে মিছন ফাইভ হান্ড্রেড মুকলি কৰে। তেওঁলোকে লগতে এই প্রক্রিয়াক আগবঢ়াই নিবৰ বাবে চলিত বৰ্ষৰ শেষলৈ পাৰস্পৰিকভাৱে লাভান্বিত হ’ব পৰা বহু ক্ষেত্ৰীয় দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে। একেদৰে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ সহযোগিতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা থকা প্ৰতিৰক্ষাৰ বিষয়ত আলোকপাত কৰি নেতা দুগৰাকীয়ে ২১ শতিকাৰ ভাৰত-আমেৰিকা প্ৰতিৰক্ষা অংশীদাৰিত্বৰ বাবে নতুন ১০ বছৰৰ পৰিকাঠামোক নিশ্চিত কৰাৰ কথাও ঘোষণা কৰে। তেওঁলোকে লগতে স্থল আৰু বায়ু সেনাৰ উপৰি সহ উৎপাদন চুক্তিসমূহৰ বিভিন্ন ক্ষেত্ৰত চলি থকা প্ৰতিৰক্ষা সামগ্রী ক্রয় আলোচনাসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহমতৰ পোষকতা কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ১০ৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্রান্স ভ্রমণ কৰে। এই ভ্ৰমণকালত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা কার্য সন্মিলনত সহ-অধ্যক্ষতা কৰে। তেওঁলোকে লগতে মাশ্বেইত ভাৰতৰ নতুন বাণিজ্য দূতাবাসো যুটীয়াভাৱে মুকলি কৰে।
Site Admin | February 15, 2025 11:36 AM | PM Modi returns home after successfully concluding two-nation visit to US and France
আমেৰিকা ভ্ৰমণ সামৰি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
