ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্ব জল দিৱস উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

আজি বিশ্ব জল দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰবাসীক আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে পানী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ভিডিঅ’ এটা শ্বেয়াৰ কৰি কয় যে, পানী হৈছে সভ্যতাৰ জীৱনৰেখা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সুৰক্ষিত কৰি ৰখা উচিত।

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানে ব্রহ্মপুত্র বোৰ্ডৰ সৈতে যুটীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠানটোৰ সভাগৃহত দুদিনীয়াকৈ বিশ্ব জল দিৱস কাৰ্যসূচী পালন কৰিছে। জৈৱ বৈচিত্ৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ ব্ৰহ্মপুত্ৰ নদীৰ জলশক্তি ব্যৱহাৰ কৰি বিজুলী উৎপাদন কেনেদৰে কৰিব পাৰি এই সন্দৰ্ভত কাৰ্যসূচীত আলোচনা কৰা হৈছে। আলোচনাত আই আই টি গুৱাহাটীৰ উপৰি দিল্লী আই আই টি, ৰুৰকি আই আই টি আৰু ভাৰতবৰ্ষৰ কেইবাখনো অভিযান্ত্রিক বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত আজি ভূগোল বিভাগৰ উদ্যোগত বিশ্ব জল দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গোলকীয় উত্তাপ বৃদ্ধি আৰু হিমবাহসমূহৰ খহনীয়াৰ আন্তঃসম্পর্ক বিশ্লেষণ কৰি পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আহিব পৰা সংকট প্ৰতিৰোধ কৰিবলৈ বিভিন্ন উপায়ৰ বিষয়ে আজিৰ কাৰ্যসূচীত আলোচনা কৰা হয়। ধেমাজি জিলাতো ধেমাজি জন স্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত চিলাপথাৰ মহাবিদ্যালয়ত পৰিষ্কাৰ পানীৰ বহনক্ষম ব্যৱহাৰ সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে প্ৰতি বছৰে ২২ মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। ১৯৯২ চনত ব্রাজিলৰ ৰিঅ’ডি জেনেৰিয়ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনত লোৱা সিদ্ধান্ত অনুসৰি ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে এই দিৱস পালন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক