প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শ্রীমোদীয়ে গীটহাবৰ মুখ্য কাৰ্যবাহী বিষয়া থমাছ দোমকেৰ সামাজিক মাধ্যমৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টত সমগ্ৰ বিশ্বত ভাৰতৰ সবাতোকৈ দ্রুত বিকাশশীল কম্পিউটাৰ প্ৰগ্ৰেম বিকাশকক ভূয়সী প্রশংসা কৰিছে আৰু প্ৰযুক্তি ক্ষেত্ৰৰ অগ্ৰণী হিচাপে দেশৰ নিৰন্তৰ উত্থানৰ কথা উল্লেখ কৰিছে। শ্রীদোমকে কৈছে যে, ভাৰতৰ বিকাশকসকলে দ্রুত গতিত আগবাঢ়িছে আৰু কৃত্রিম বুদ্ধিমত্তাক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। তেওঁলোকে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিয়েই কৃত্রিম বুদ্ধিমত্তা প্ৰণালী ক্ষেত্ৰত অগ্রগতি লাভ কৰিছে। মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে, সাৰ্বজনীন উৎপাদক কৃত্রিম বুদ্ধিমত্তা প্ৰকল্পৰ ক্ষেত্ৰত ভাৰতৰ অৱদান দ্বিতীয় সর্বাধিক এই মহাদেশতে ভৱিষ্যত প্ৰজন্মৰ কৃত্রিম বুদ্ধিমত্তা বহুজাতিক কোম্পানীৰ গঢ় লৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি শ্রীদোমকে প্ৰকাশ কৰে।