ডাউনলোড
মোবাইল এপ

android apple
signal

বাৰানসী সমষ্টিৰ পৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰানসী সমষ্টিৰ পৰা মনোনয়ন-পত্ৰ দাখিল কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত এই সমষ্টিটোৰ বাবে ভোটগ্ৰহণ কৰা হ’ব আৰু এই পৰ্যায়ৰ বাবে আজি হৈছে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন। আজি পুৱা শ্ৰী মোদীয়ে পৱিত্ৰ গংগাত স্নান কৰি কাশীৰ কালভৈৰৱ মন্দিৰত পূজা-অৰ্চনা কৰি আশীৰ্বাদ লোৱাৰ পাছত তেওঁৰ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং আৰু হৰদীপ সিং পুৰীকে ধৰি মিত্ৰজোঁটৰ চন্দ্ৰবাবু নাইডু, একনাথ সিন্দে, জিতন ৰাম মাঝি, সঞ্জয় নিশ্বাদ, ৰামদাস আঠাৱালে প্ৰমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে। কংগ্ৰেছ প্রার্থী তথা বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ যুটীয়া প্ৰাৰ্থী অজয় ৰায়ে শ্রী মোদীৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিব। ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত শ্ৰী মোদীৰ বিৰুদ্ধে বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী শ্ৰী ৰায়ে দুয়োটা নির্বাচনতে তৃতীয় স্থানত থাকে। ২০১৯ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে সমাজবাদী পাৰ্টীৰ শালিনী যাদৱক ৪ লাখ ৭৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।

অধিক পঢ়ক

সকলো চাওক