এন ডি এ চৰকাৰে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে। বিহাৰৰ জমুইত আজি এখন নির্বাচনী সভাত ভাষণত দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, আসন্ন লোকসভা নির্বাচন ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ নিৰ্বাচন হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, ভাৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলতাৰে মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হৈছে। ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱা বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।

শ্ৰীমোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত ভাৰতে সন্ত্ৰাসবাদী কার্যকলাপত লিপ্ত হোৱা আৰু এনে কাৰ্যৰ প্ৰতি সমৰ্থন আগবঢ়োৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে আৰু মগধ সাম্ৰাজ্যৰ প্ৰাচীন গৌৰৱ ঘূৰাই আনিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত ঘেঁহুৰ ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল সৰু দেশসমূহেও ভাৰতত সন্ত্ৰাসবাদী আক্রমণ সংঘটিত কৰাব পাৰিছিল বুলি প্রধানমন্ত্রীয়ে কয়। শ্রী মোদীয়ে ভাষণ প্ৰসংগত আৰ জে ডিৰ সভাপতি লালুপ্রসাদ যাদৱ অভিযুক্ত হোৱা ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ কথা উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে, কংগ্ৰেছৰ শাসনকালত বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ ছবি দুৰ্বল ৰাষ্ট্ৰৰ আছিল যদিও এন ডি এ বিগত ১০ বছৰত দেশক শক্তিশালী কৰি তুলিছে । তেওঁ কয় যে, নির্ণায়ক নীতিৰ বাবে বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ শক্তি পুনৰ প্ৰতিপন্ন হৈছে । চৰকাৰে অযোধ্যাত পবিত্ৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ভক্তসকলৰ ৫০০ বছৰীয়া পুৰণি সপোন পূৰ্ণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে।

তেওঁ কয় যে, বিহাৰৰ জনসাধাৰণে জননায়ক কৰ্পূৰী ঠাকুৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল আৰু এই দাবী এন ডি এ চৰকাৰে পূৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি জমুইৰ পৰা লোক জনশক্তি পাৰ্টি ৰামবিলাসৰ প্ৰাৰ্থী অৰুণ ভাৰতীৰ হকে প্ৰচাৰ চলায়। জে ডি ইউৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিজেপিৰ নেতা সম্রাট চৌধুৰী, বিজয় কুমাৰ সিনহা, লোক জনশক্তি পাৰ্টি ৰামবিলাসৰ সভাপতি চিৰাগ পাছোৱান, ৰাষ্ট্ৰীয় লোকমৰ্চাৰ মুৰববী উপেন্দ্ৰ কুশ্বাহা আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ কেইবাগৰাকীও নেতা এই নির্বাচনী সভাত উপস্থিত থাকে। চিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টি ৰামবিলাসে জমুই সংসদীয় আসনৰ পৰা এইবেলি একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক