প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ডুবাইৰ যুৱৰাজ তথা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, ইউ এ ইৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্বেখ হমদান বিন মহম্মদ অল মকটুমক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰত-ইউ এ ই সর্বাত্মক কৌশলগত সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত ডুবাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয়, যে যুৱৰাজগৰাকীৰ এই বিশেষ ভ্রমণে ভাৰত আৰু ইউ এ ইৰ মাজৰ ঘনিষ্ঠ মিত্ৰতাক প্রতিফলিত কৰিছে আৰু ভৱিষ্যতে অধিক শক্তিশালী সমন্বয়ৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰ পূৰ্বে অভ্যাগত যুৱৰাজগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত ৬০ এছ জয়শংকৰে সামাজিক মাধ্যমযোগে ব্যাপক সহযোগিতা আৰু উভয় ৰাষ্ট্ৰৰ মাজৰ সক্ৰিয় সম্বন্ধৰ বিষয়ে প্ৰদৰ্শন কৰা ইতিবাচক ভাৱধাৰাৰ বাবে যুৱৰাজগৰাকীৰ ভূয়সী প্রশংসা কৰে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমকটুমৰ সৈতে হোৱা বৈঠকক ফলপ্রসূ বুলি অভিহিত কৰে। তেওঁ কয়, যে ইউ এ ইৰ সৈতে সর্বাত্মক কৌশলগত সহযোগিতা ভাৰতৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। তেওঁ কয়, যে অনাগত সময়ত প্ৰতিৰক্ষা সহযোগিতা, সহ-উৎপাদন আৰু সহ-উন্নয়ন প্ৰকল্পৰ লেখিয়া ক্ষেত্ৰসমূহত ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ ভাৰত আগ্রহী। অঞ্চলটোৰ শান্তি আৰু সমৃদ্ধিৰ হকে কাম কৰিবলৈ ভাৰত আৰু ইউ এ ই প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
Site Admin | April 8, 2025 9:29 PM | Boosts India-UAE Strategic Ties | PM Modi Meets Dubai Crown Prince
ভাৰত-ইউ এ ই সর্বাত্মক কৌশলগত সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত ডুবায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী
