সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছেঃ মোদী

Image◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছে। ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত‍ কানিচিত এখন জনসভা সম্বোধন কৰি তেওঁ এইদৰে কয়।

Image

প্রধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দিয়ে, য’ত বিজেপিৰ চৰকাৰ আছে আৰু এই ৰাজ্যসমূহত শাসনলৈ উভতি অহাৰ পাছত যথেষ্ট উন্নতি সাধন হৈছে। তেওঁ ওড়িশাত ভাৰতীয় জনতা দলৰ শাসনভাৰ গ্ৰহণ কৰিলে, এনেধৰণৰ উন্নতিয়েই হ’ব বুলি প্রতিশ্রুতি দিয়ে। শ্রী মোদীয়ে আজি নৱৰংপুৰ জিলাৰ ছিকিলি খেলপথাৰত আন এখন সভাতো অংশগ্ৰহণ কৰিব।

Image

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হৈছে শ্ৰীমোদীৰ প্ৰথমটো ওড়িশা ভ্রমণ। ৰাজ্যখনত অহা ১৩ মে’ৰ পৰা চাৰিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক