প্ৰধানমন্ত্ৰী মোদী জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ’লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ’ব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ’লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ’ব। দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ এই আলোচনাত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এণ্ডিউ হ’লনেছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰাৰ লগতে কেইবাগৰাকীও উদ্যোগপতিৰ সৈতে মত বিনিময় কৰিব। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ড০ এণ্ডিউ হ’লনেছে কাইলৈ বাৰাণসী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু জামাইকাই দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ মূল খণ্ডসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিব। জামাইকাৰ উন্নয়নমূলক প্রকল্পসমূহত ইতিমধ্যে ভাৰতে সক্রিয় ভূমিকা গ্ৰহণ কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক