ডাউনলোড
মোবাইল এপ

android apple
signal

মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে জনসাধাৰণৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যতে নির্বাচনী সভাত অংশ লোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত নিৰ্বাচনী সভাক সম্বোধন কৰিব। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ বাবে ২০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাৰ বাবে ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। কেন্দ্রীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ নেতা অমিত শ্বাহে আজি ঝাৰখণ্ডৰ ছত্তৰপুৰ, হাজাৰিবাগ আৰু পোটকা সমষ্টিত দলৰ হকে প্ৰচাৰ চলাব। তেওঁ লগতে জামছেদপুৰত এটা ৰোড শ্ব’ত ভাগ ল’ব। আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি জামছেদপুৰ আৰু বাঘমাৰা সমষ্টিত নির্বাচনী সভাত ভাগ ল’ব। একেদৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা মুখ্যমন্ত্রী হেমন্ত ছোৰেনে ৰাঁচী, খাৰছাৱা আৰু মন্দা সমষ্টিত প্ৰচাৰ চলাব।

অধিক পঢ়ক

সকলো চাওক