কেন্দ্রীয় মন্ত্রীসভাই ৮৫ খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নতুন নৱোদয় বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অসমৰ জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় আৰু শোণিতপুৰ, চৰাইদেউ আৰু দক্ষিণ শালমাৰা মানকাচৰ, পশ্চিম কাৰ্বি আংলং আৰু মাজুলীত নতুনকৈ নৱোদয় বিদ্যালয় স্থাপন কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে এইকথা সদৰী কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই নতুন কেন্দ্ৰীয় বিদ্যালয়সমূহ স্থাপনৰ ফলত প্রায় ৮২ হাজাৰ ৫৬০ গৰাকী শিক্ষাৰ্থীয়ে বহনসাধ্য উচ্চ মানৰ শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ’ব। এই সিদ্ধান্তৰ ফলত ৫ হাজাৰ ৩৮৮ টা নিয়মীয়া পদ সৃষ্টি হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
শ্রীবৈষ্ণৱে লগতে নৱোদয় বিদ্যালয় আঁচনিৰ অধীনত ইতিমধ্যে সামৰি নোলোৱা জিলাসমূহত ২৮ খন নতুন নৱোদয় বিদ্যালয় মুকলি কৰা কথা ঘোষণা কৰে। ইয়াৰ ফলত ১৫ হাজাৰ ৬৮০ গৰাকীৰো অধিক শিক্ষার্থী লাভৱান্বিত হ’ব আৰু এহেজাৰ ৩১৬টা নিয়মীয়া পদ সৃষ্টি হ’ব। এই নৱোদয় বিদ্যালয় কেইখন স্থাপন কৰাৰ বাবে আনুমানিক দুহেজাৰ ৩৫৯ কোটি ৮২ লাখ টকাৰ প্ৰয়োজন হ’ব। দেশত বর্তমান ৬৬১ খন অনুমোদিত নৱোদয় বিদ্যালয় আছে আৰু ইয়াৰ ভিতৰত ৬৫৩ খন কাৰ্যক্ৰম হৈ আছে। তেওঁ কয়, যে সকলো কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয় প্ৰধানমন্ত্ৰী শ্ৰীবিদ্যালয় হিচাপে নামকৰণ কৰা হৈছে।