ডাউনলোড
মোবাইল এপ

android apple
signal

April 29, 2024 8:32 PM | PM MODI KARNATAKA

printer

ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে তেওঁ অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি কৰ্ণাটকৰ বাগালকোটত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, বিজেপিয়ে উন্নয়নৰ হকে কাম কৰাৰ বিপৰীতে কংগ্ৰেছে ভোটবেংকৰ লক্ষ্য আগত ৰাখিহে কাম কৰে। আনহাতে, মহাৰাষ্ট্ৰৰ চোলাপুৰত আন এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে, কোনো লোকেই দেশৰ সংবিধান সলনি কৰা আৰু সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ দৰে কাম কৰিব নোৱাৰে। কাৰোৰে অধিকাৰ খৰ্ব নকৰাকৈ দৰিদ্ৰসকলৰ বাবে দহ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে এন ডি এ চৰকাৰে প্ৰতিখন গাঁও, প্ৰতিখন ঘৰলৈ গৈ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়ালসমূহে যাতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব পাৰে, সেই কথা সুনিশ্চিত কৰিছে। এন ডি এৰ কাৰ্যকালতে সমাজৰ আটাইতকৈ বঞ্চিত শ্রেণীয়েও বিনামূলীয়া ৰছদ-পাতি, স্বাস্থ্য সেৱা, পকীঘৰ, শৌচালয়, বিদ্যুৎ, ৰন্ধন গেছ, পানী এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও শ্রীমোদীয়ে লগতে কয়। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ চাটাৰাতো আন এখন জনসভা সম্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক