ভাৰত প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত ১০টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ কৃতিত্ব জনসাধাৰণক প্ৰদান কৰিছে। তেওঁ কয় যে, জনসাধাৰণে তেওঁক প্ৰদান কৰা ভোটৰ জৰিয়তে দেশ প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছে। কাশ্মীৰৰ পৰা ৩৭০ নম্বৰ দফা বাতিলৰ লগতে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে ভোটদানৰ জৰিয়তে দলটোৰ প্ৰতি দেখুওৱা আস্থাৰ বাবেহে সম্ভৱ হৈ উঠে বুলিও তেওঁ কয়। কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে প্রধানমন্ত্ৰীয়ে এখন জনসভাত চলোৱা সময়ত এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে কয় যে, এই ৰাজনৈতিক দলসমূহ পৰিয়ালৰ বাবে, পৰিয়ালৰ পৰা আৰু পৰিয়ালৰ দ্বাৰা নীতিৰে পৰিচালিত আৰু দুৰ্নীতি তথা স্বজন- তোষণৰ সৈতেহে জড়িত। তেওঁ বি আৰ এছ আৰু কংগ্ৰেছ দুয়োটা দলকে একেটা মুদ্ৰাৰ দুটা পিঠি বুলি অভিযোগ তোলে৷ তেওঁ কয় যে, এই দুয়োটা দলৰে দুৰ্নীতি আৰু স্বজন-তোষণৰ ৰাজনীতিৰ পৰা তেলেংগানাক নিৰাপদে ৰখা অতি প্ৰয়োজন। বি আৰ এছে তেলেংগানাৰ সকলো সপোন চূৰ্ণ কৰাৰ লগতে কংগ্ৰেছো একে পথৰে পথিক বুলি তেওঁ মত পোষণ কৰে। বিজেপিৰ নেতাগৰাকীয়ে লগতে কালি সম্পন্ন হোৱা তৃতীয় পৰ্যায়ৰ নির্বাচন সম্পর্কে মত প্রকাশ কৰাৰ লগতে কংগ্ৰেছ আৰু আই এন ডি আইৰ মাজৰ মিত্ৰজোঁটে সমস্যা সৃষ্টিকৰিব বুলিও অভিযোগ তোলে। প্রধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ভেমুল্লাবাড়াত শ্ৰীৰাজা ৰাজেশ্বৰ স্বামী দেৱস্থানমত সেৱা জনায়। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভাতো দলীয় প্ৰাৰ্থী আৰুৰী ৰমেশৰ সমৰ্থনত ভাষণ দিব। শ্ৰীমোদীয়ে ইয়াৰ পাছত অন্ধ্ৰপ্ৰদেশৰ ৰাজমপেটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাওনা হ’ব। ইপিনে ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শৰ্মাই ৰাজ্যখনৰ ছাভেল্লা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্রী তথা প্ৰদেশ কংগ্ৰেছ মুৰববী ৰেভন্থ ৰেড্ডীয়েও আৰমুৰৰ এখন জনসভাত ভাষণ দিয়াৰ লগতে নিজামাবাদত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। ইফালে বি আৰ এছৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাৱেও নাৰ্ছাপুৰ আৰু পট্টনছেৰুত আজি দুটা ৰোড শ্বত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক