ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে। একবিংশ শতিকা-ভাৰতসহ পূব এছিয়াৰ দেশসমূহৰ বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৱাহাটী, আগৰতলা, গেংটক, আইজল, শ্বিলং, ইটানগৰ আৰু ক’হিমাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান চহৰৰ মহানগৰসমূহৰ দৰে বৃহৎ সম্ভাৱনা আছে। অষ্টলক্ষ্মী মহোৎসৱৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে প্ৰথম আৰু অনন্য মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগৰ অপাৰ সুযোগ মুকলি কৰিব। তেওঁ লগতে এয়া উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়ক, কাৰুশিল্পী, কলা-কুশলীৰ লগতে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে বৃহৎ সম্ভাৱনা বুলি অভিহিত কৰে। চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক আবেগ, অৰ্থব্যৱস্থা আৰু পৰিস্থিতিতন্ত্ৰৰ সৈতে সংযুক্ত কৰাৰ বাবে কাম কৰি আছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে অষ্টলক্ষ্মী উত্তৰ পূৰ্বাঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ উৎসৱ আৰু বিকাশৰ নতুন পুৱাৰ পৰ্ব। এই উৎসৱে বিকশিত ভাৰত অভিযানক আগুৱাই লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ শিশুসকলে প্রধানমন্ত্রীক আঁহত গছৰ পুলি প্ৰদান কৰে। তিনি-দিনীয়া এই অষ্টলক্ষ্মী মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক