ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত ভাৰতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত বিশ্বৰ ভিতৰতে খাদ্য-সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনৰ শক্তিশালী কৃষি খণ্ডৰ সহায়ত বিশ্বব্যাপি দেখা দিয়া ক্ষুধা আৰু পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সমৰ্থ হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলনত দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। ৭৫ খন দেশৰ প্ৰতিনিধিয়ে অংশ লোৱা এই সন্মিলনত শ্রী মোদীয়ে লগতে কয় যে, ভাৰতৰ কৃষকসকলক উপকৃত কৰিব পৰাকৈ এহেজাৰ ৯০০ বিধৰো অধিক পৰিৱেশ অনুকূল বীজৰ প্ৰজাতি বিকশাই তোলা হৈছে। ইয়াৰ ফলত কৃষকসকলে ২৫ শতাংশ কম পানী ব্যৱহাৰ কৰি কৃষিকাৰ্য কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ কয়। তেওঁ কয় যে, বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষি খণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্ৰী মোদীয়ে কয় যে, ভাৰত বিশ্বৰ সৰ্ববৃহৎ মিলেট, গাখীৰ, দাইল আৰু মচলা উৎপাদনকাৰী দেশ। প্রধানমন্ত্রীয়ে কয় যে, ভাৰতে পৰম্পৰাগত আৰু প্রাকৃতিক কৃষিত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়া কেন্দ্রীয় বাজেটত বহনক্ষম কৃষিত বিশেষ আলোকপাত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে কৃষিখণ্ডত ডিজিটীয় প্রযুক্তি ব্যৱহাৰ কৰিছে আৰু প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ অধীনত দেশৰ ১০ কোটি কৃষকৰ বেংক একাউণ্টলৈ পুঁজি হস্তান্তৰ কৰিছে। প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ কৃষি গৱেষণা আৰু শিক্ষাৰ বলিষ্ঠ ব্যৱস্থাৰ কথা উনুকীয়াই দিয়ে। তেওঁ কয় যে, দেশত বর্তমান কৃষি শিক্ষণৰ বাবে ৫০০ৰো অধিক কৃষি মহাবিদ্যালয় আৰু ৭০০ৰো অধিক কৃষি বিজ্ঞান কেন্দ্র আছে। এই শিক্ষা প্রতিষ্ঠানসমূহৰ জৰিয়তে কৃষকসকলক নতুন প্রযুক্তি সন্দৰ্ভত তথ্যৰ যোগান ধৰা হয় বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, বিগত ১০ বছৰত ৯০ লাখ হেক্টৰ কৃষি ভূমিক ক্ষুদ্র জলসিঞ্চন ব্যৱস্থাৰ অধীনলৈ অনা হৈছে। কৃষি ভূমিৰ ডিজিটীয়কৰণ অভিযানত আলোকপাত কৰি প্ৰধানমন্ত্রীয়ে কয় যে, ইয়াৰ জৰিয়তে কৃষকক তেওঁলোকৰ কৃষি ভূমিৰ বিপৰীতে একোটা ডিজিটীয় পৰিচয়চিহ্ন দিয়া হ’ব আৰু কৃষি কাৰ্যত ড্রোন ব্যৱহাৰক উৎসাহিত কৰাৰ বাবে ড্রোন দিদিসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে, চৰকাৰৰ এই ব্যৱস্থাসমূহে কেৱল ভাৰতৰ কৃষকসকলকে লাভৱান্বিত নকৰে বৰং বিশ্বজুৰি খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব।

প্রধানমন্ত্ৰীয়ে ভাৰতত ছুপাৰ ফুড হিচাপে ক’লা চাউলৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰি কয় যে, অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদিত ক’লা চাউল ইয়াৰ ঔষধি গুণৰ বাবে পচন্দৰ বিকল্প হৈ পৰিছে।

উল্লেখযোগ্য যে এইবাৰৰ সমাৰোহৰ বিষয়বস্তু হৈছে বহনক্ষম কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰকৰণ। এই সমাৰোহত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ কৃষি বিকাশৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হৈছে। শ্ৰী চৌহানে কৃষি কাৰ্যত অত্যধিক ৰাসায়নিক সাৰ প্রয়োগৰ কুফলত আলোকপাত কৰি কয় যে, ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ উৰ্বৰতা হ্ৰাস কৰি আনে। সেয়ে ভাৰতে বর্তমান প্রাকৃতিক কৃষিত গুৰুত্ব দিয়া বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক