ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্ৰী পৰিষদৰ সন্মিলনত আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰে৷ শ্রীমোদীয়ে কল্যাণকামী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰি প্ৰশাসন ব্যৱস্থাক আৰু অধিক উন্নত কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। শ্রীমোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন-মুখ্যমন্ত্ৰী পৰিষদৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে। বৈঠকত প্রশাসন ব্যৱস্থাৰ লগতে চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহ পর্যালোচনা কৰা হয়। এই বৈঠকত প্রধানমন্ত্ৰীৰ উপৰি বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপি অন্যান্য নেতাসকল উপস্থিত থাকে। বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় শহস্রবুদ্ধেই এটা বিবৃতিযোগে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যসমূহত কল্যাণকামী আঁচনিসমূহৰ সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰি ৰাজ্যসমূহ সু-প্ৰশাসনৰ উদাহৰণ হোৱা উচিত বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্রীয়ে দেশক ৫ লাখ কোটি ডলাৰৰ অৰ্থনীতিত পৰিণত কৰাৰ বাবে বিকাশৰ কাৰ্যসূচীসমূহত জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে অন্যান্য পদক্ষেপসমূহৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক