কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’বঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোডীয়ে কালি ওড়িশাত নির্বাচনী প্ৰচাৰ চলায়। শ্রীমোডীয়ে ময়ুগঞ্জ লোকসভা সমষ্টিৰ বড়ীপদাত, বালাছোৰ লোকসভা সমষ্টিৰ ৰেমু নাথ আৰু কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ বাৰুৱাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ ভোটদাতাসকলৰ আনন্দ আৰু উৎসাহ প্ৰত্যক্ষ কৰি তেওঁ কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’ব বুলি নিশ্চিত হৈছে।
ইপিনে, কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খার্গেই কালি বালাছোৰত এখন জনসভাক সম্বোধন কৰে। সভাত তেওঁ প্রধানমন্ত্রী শ্রীমোডীক দুখীয়া বিৰোধী তথা কৃষক বিৰোধী বুলি উল্লেখ কৰে। তেওঁ কয় যে আই এন ডি আই মিত্রজোঁটে কেন্দ্ৰত পৰৱৰ্ত্তী চৰকাৰ গঠন কৰিব আৰু দুমাহৰ ভিতৰতে ৩০ লাখ নিবনুৱাক চাকৰিৰ্ত নিয়োগ কৰিব৷

অধিক পঢ়ক

সকলো চাওক