September 19, 2024 9:02 PM | pm modi govt 3.0

printer

দেশৰ প্ৰশাসন ব্যৱস্থা নাগৰিক প্ৰথম পন্থাৰে পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে নাগৰিক প্ৰথম পন্থাৰে প্ৰশাসন ব্যৱস্থা পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কয় যে, চৰকাৰক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ লগতে প্ৰতিগৰাকী নাগৰিকক প্ৰশাসনীয় ব্যৱস্থাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে এই ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত একীকৃত পেঞ্চন আঁচনিৰ অধীনত ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ মূল দৰমহাৰ ৫০ শতাংশ পেঞ্চন নিশ্চিত কৰা হৈছে। তদুপৰি অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যান নিশ্চিত কৰাৰ লক্ষ্যৰে এটা পদবী এটা পেঞ্চন আঁচনি সংশোধন ঘটোৱা হৈছে। কেন্দ্রীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ দ্বাৰা চৰকাৰী চাকৰিত ১৫ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। ইফালে শাস্তিৰ পৰিৱৰ্তে ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ঔপনিবেশিক আইনসমূহৰ ৰূপান্তৰ ঘটাই ৩ খন নতুন ফৌজদাৰী আইন ৰূপায়ণ কৰা হৈছে। সময়োচিত আৰু বিজ্ঞান সন্মত প্ৰমাণ পৰীক্ষণৰ বাবে ২ হেজাৰ ২৫০ কোটি টকা বাজেট ধাৰ্য কৰি ৰাষ্ট্ৰীয় ফৰেনচিক আন্তঃগাঁথনি বর্ধন আঁচনি ৰূপায়ণ কৰা হৈছে। ইপিনে, নিয়োগৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ আৰু স্বচ্ছতা নিশ্চিতকৰণৰ বাবে ৰাজহুৱা পৰীক্ষাত অনিয়ম প্ৰতিৰোধ আইন প্ৰৱৰ্তন কৰা হৈছে। এই সময়ছোৱাত ওড়িশা, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে পূৰ্বোদয় পৰিকল্পনা ৰূপায়ণ কৰাৰ লগতে জৰুৰীকালীন সময়ছোৱাত সংবিধান উলংঘনৰ ঘটনা স্মৰণ কৰি ২৫ জুনত সংবিধান হত্যা দিৱস পালন কৰা হয় বুলি প্ৰধানমন্ত্রীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক