June 20, 2024 7:41 PM | PM modi govt

printer

কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰাত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্রদেশে ধন্যবাদ জ্ঞাপন কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্র সুভাষ দত্তই বিবৃতিযোগে কয় যে শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ দ্বাৰা কৃষকসকল উপকৃত হ’ব। তেওঁ লগতে কয় যে এই আঁচনিৰ সহায় লাভ কৰি কৃষকসকলে অর্থনৈতিকভাৱে লাভান্বিত হোৱাৰ লগতে দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিত অৰিহণা আগবঢ়াবলৈ সমৰ্থ হ’ব। দেশৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাত এই আঁচনিৰ প্ৰত্যক্ষ অৰিহণা আছে বুলি তেওঁ উল্লেখ কৰে। ধানৰ ন্যূনতম সমৰ্থন মূল্য ১১৭ টকা বৃদ্ধিৰ ফলত ৰাজ্যৰ কৃষকসকল বিশেষভাৱে উপকৃত হ’ব বুলি তেওঁ প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক