ডাউনলোড
মোবাইল এপ

android apple
signal

ইটালীৰ অপুলীয়াত প্রধানমন্ত্ৰী মোডীয়ে G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

Image

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ’বলগীয়া G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ’জিয়া মেল’নিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীৰ্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্রকাশ কৰা দ্বিপাক্ষিক বৈঠকৰ সবিশেষ অনুসৰি শ্ৰীমোডীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাক, জাৰ্মানীৰ চেন্সেলৰ অ’লাফ স্কোলজ, ইটালীৰ প্ৰধানমন্ত্রী জিঅ’জিয়া মেলানি, জাপানৰ প্ৰধানমন্ত্রী ফুমিঅ’ কিছিদা আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেংস্কিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

Image
প্রধানমন্ত্ৰীয়ে কালি ইটালীলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত কয় যে চৰকাৰ ভাৰত আৰু ইটালীৰ মাজত কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় তথা ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা শক্তিশালী কৰি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে একেৰাহে তৃতীয় বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বিদেশ ভ্ৰমণৰূপে জি-ছেভেন শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইটালীলৈ ৰাওনা হোৱাৰ কথাটোলৈ সন্তুষ্টি প্ৰকাশ কৰে।

ImageImageImage

তেওঁ কয় যে যোৱা বছৰত ইটালীৰ প্ৰধানমন্ত্রী জিঅ’জিয়া মেল’নিৰ দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছে। G-7 আউটৰীচ শীৰ্ষ সন্মিলনত কৃত্রিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ প্ৰসঙ্গই অগ্ৰাধিকাৰ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।

ImageImageImage

শ্ৰীমোডীয়ে কয় যে এই ভ্রমণে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলন আৰু এইবাৰৰ জি-ছেভেন শীৰ্ষ সন্মিলনৰ ফলাফলৰ ক্ষেত্ৰত অধিক সমন্বয় গঢ়ি তোলা আৰু কম উন্নত দেশৰ বাবে গুৰুত্বপূৰ্ণ বিষয় সম্পর্কে আলাপ-আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। শ্রীমোডীয়ে কয় যে তেওঁ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা অন্য নেতাসকলক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে।

অধিক পঢ়ক

সকলো চাওক