বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে দিল্লীত প্রধানমন্ত্রী মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত-বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্রহণ কৰে। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও অংশ লয়।
উল্লেখযোগ্য যে, সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ’ব আৰু ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্র মোদী চৰকাৰৰ তৃতীয় কার্যকালৰ প্ৰথমখন বাজেট হ’ব। এই বাজেটে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পথৰ নিৰ্দেশ দিব বুলি আশা কৰা হৈছে। যোৱা মাহত অনুষ্ঠিত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এইবাৰৰ বাজেট চৰকাৰৰ দূৰদৰ্শী নীতি আৰু ভৱিষ্যতৰ উপযোগী দৃষ্টিভংগীৰ ফলপ্রসূ নথি হ’ব বুলি মন্তব্য কৰিছিল। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে দেশত সংস্কাৰকামী পৰিৱৰ্তন সাধনৰ বাবে বিভিন্ন ঐতিহাসিক সিদ্ধান্তও বাজেটত অন্তর্ভুক্ত কৰিব বুলি আশা কৰিছে। আজিৰ বৈঠকত কেইবাগৰাকীও বিশেষজ্ঞই চৰকাৰক সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে কৰ ৰেহাই তথা মুদ্রাস্ফিতী নিয়ন্ত্ৰণ কৰি দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ দ্ৰুত কৰি তোলাৰ পৰামর্শ দিছে। উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৮ দশমিক ২ শতাংশ। ইয়াৰ আগেয়ে লোকসভা নিৰ্বাচনৰ বাবে যোৱা ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক