প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটক ঐতিহাসিক জনাদেশ প্রদান কৰাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ যুৱক-যুৱতী আৰু মহিলাসকলৰ শলাগ লৈছে। তেওঁ কয়, যে এই চেনেহ আৰু আবেগ সঁচাকৈ নজিৰবিহীন। শ্রী মোদীয়ে লগতে ৰাজ্যখনত উন্নয়ন আৰু সু-শাসনৰ জয় হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে এন ডি এ মিত্রজোঁটে মহাৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কাম কৰি যাব বুলি জনসাধাৰণক আশ্বাস দিয়ে।
বিজেপিলৈ প্ৰদৰ্শন কৰা সমর্থনৰ বাবে ঝাৰখণ্ডৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে দলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা পালন কৰি যাব আৰু ৰাজ্যখনৰ বাবে কাম কৰি যাব। তেওঁ ৰাজ্যখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন মিত্রজোঁটক ধন্যবাদ জ্ঞাপন কৰে। উপ-নির্বাচনত এন ডি এ প্রার্থীসকলক আশিসেৰে ধন্য কৰাৰ বাবে বিভিন্ন ৰাজ্যৰ জনসাধাৰণক ধন্যবাদ জনাই প্রধানমন্ত্রীয়ে কয় যে তেওঁলোকে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে চেষ্টাৰ অকণো ত্রুটি নকৰে।
ইপিনে, শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ মুৰব্বী উদ্ধৱ থাকৰেই বিধানসভা নিৰ্বাচনত লাভ কৰা জয়ৰ বাবে মহায়ুটি মৰ্চাক অভিনন্দন জ্ঞাপন কৰিছে। একে সময়তে শ্ৰী থাকৰেই এনেধৰণৰ বিপুল জয় দুৰ্বোধ্য বুলি অভিহিত কৰিছে। তেওঁ লগতে মহা মিত্ৰজোঁটৰ জয়ক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে।