জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্রী মোদীয়ে অংশগ্ৰহণ কৰিব

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্রার্থী বাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল’ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ’ল ৰাজস্থানত শ্রীমোদীৰ নিৰ্বাচনকেন্দ্রিক প্রথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব।

Read More : 

আনহাতে, প্রধানমন্ত্রী মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ বন্দ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব। সমষ্টিটোত বিজেপি প্রার্থীগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰকাশ যোশীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ’ল ৰাজ্যখনত শ্ৰীমোদীৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰথমখন সভা।

অধিক পঢ়ক

সকলো চাওক