চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। উত্তৰ গুজৰাটৰ বানাচকাৰ দিছা আৰু চাবৰকাণ্ঠা জিলাৰ হিম্মত নগৰত কালি নির্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। বানাচকাঠাত নিৰ্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ’ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে পুনৰ ক্ষমতালৈ আহিলে ভাৰতবৰ্ষক বিশ্বৰ তিনিটা শীৰ্ষৰ অৰ্থ ব্যৱস্থাৰ অন্যতমৰূপে গঢ়ি তোলাৰ বাবে আপ্রাণ চেষ্টা চলাব। তেওঁ লগতে কংগ্ৰেছ দলক তোষামোদ আৰু ভোটবেংকৰ ৰাজনীতিৰ বাবে তীব্র সমালোচনা কৰে।

Read More : তৃতীয় পৰ্যায়ত ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

শ্রীমোদীয়ে বিকশিত গুজৰাটৰ জৰিয়তে উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও প্রকাশ কৰে। হিম্মতনগৰত শ্ৰীমোডীয়ে ভাষণ প্রসঙ্গত তিনি তালাক প্ৰথাৰ বিলুপ্তি আৰু সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ বাবে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক উদ্যমসমূহৰ কথা উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক গুণগত স্বাস্থ্য সেৱা, বিদ্যুৎ আৰু বাসগৃহৰ দৰে সকলো বুনিয়াদী সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্ৰীমোডীয়ে বিজেপিৰ প্ৰাৰ্থীৰ হকে বিপুল হাৰত ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক