প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে ৫১ হাজাৰৰো অধিক নৱনিযুক্ত প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে প্রধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলক স্থায়ী চৰকাৰী চাকৰি প্ৰদানৰ প্ৰচেষ্টা অব্যাহত আছে। তেওঁ কয় যে দেশৰ যুৱ-প্ৰজন্মক কৰ্ম সংস্থাপনৰ সুযোগ প্ৰদান কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গুৱাহাটীসহ দেশৰ ৪০টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত এই মেলাত উপস্থিত থাকে। এই ৰোজগাৰ মেলাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিয়োগ সৃষ্টিৰ অগ্ৰাধিকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এনে ধৰণৰ মেলাই দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ নিৰ্মাণত অৰিহণা যোগাবলৈ সুবিধা প্ৰদান কৰে। নতুনকৈ নিযুক্তি পোৱা প্ৰাৰ্থীসকলে iGOT কৰ্মযোগী প’ৰ্টেলৰ যোগেদি অনলাইন মাধ্যমেৰে প্ৰাথমিক প্রশিক্ষণ গ্ৰহণ কৰাৰ সুবিধা ল’ব পাৰিব। দেশৰ যুৱ প্ৰজন্মই বিকশিত ভাৰত নিৰ্মাণৰ দিশত প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুবিধা লাভ কৰাৰ বাবে এহেজাৰ ৪০০ৰো অধিক ই-শিক্ষণ পাঠ্যক্রম এই কৰ্মযোগী প’ৰ্টেলৰ জৰিয়তে গ্ৰহণ কৰিব পাৰিব।
Site Admin | October 29, 2024 12:36 PM | PM Modi distributes more than 51 thousand appointment letters through video conferencing