ডাউনলোড
মোবাইল এপ

android apple
signal

পুণেত প্ৰধানমন্ত্ৰী মোদীৰ ৩টা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰে। তিনিওটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযানৰ অধীনত প্ৰায় ১৩০ কোটি টকা ব্যয় সাপেক্ষে থলুৱাভাৱে বিকশাই তোলা হৈছে। প্রধানমন্ত্ৰীয়ে লগতে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেমো মুকলি কৰে। অনুষ্ঠানত শ্ৰী মোদীয়ে কয় যে, এই উন্মোচনে একবিংশ শতিকাৰ ভাৰতবৰ্ষই যে বিজ্ঞান, প্রযুক্তি আৰু গৱেষণাক অগ্ৰাধিকাৰ দি আগবাঢ়িছে, তাকেই প্রতিফলিত কৰিছে। প্ৰধানমন্ত্রীয়ে লগতে কয় যে প্রযুক্তি আৰু কম্পিউটাৰ ক্ষমতাত প্ৰত্যক্ষভাৱে নিৰ্ভৰ নকৰা কোনো খণ্ড নাই। ভাৰত সম্প্ৰতি সঠিক গতিৰে সঠিক দিশত আগবঢ়াটো কালিৰ উন্মোচনে প্ৰমাণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। প্রধানমন্ত্রীয়ে কয় যে দেশে সম্প্ৰতি আত্মনিৰ্ভৰশীলভাৱে অর্ধপৰিবাহী পৰিবেশতন্ত্ৰ বিকাশৰ কামত আগবাঢ়িছে আৰু ই গোলকীয় যোগান শৃংখলাৰ গুৰুত্বপূৰ্ণ অংশ ৰূপে পৰিগণিত হ’ব।

অধিক পঢ়ক

সকলো চাওক