কাশ্মীৰ উপত্যকাৰ হিমালয়ৰ ওপৰভাগত অৱস্থিত পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ অৰ্থে বার্ষিক তীর্থ যাত্ৰা আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। ১৯ আগষ্টত শাৱন্ত পূৰ্ণিমাৰ দিনা ৫২ দিনীয়া এই যাত্ৰাৰ সামৰণি পৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভৰ এই ক্ষণত তীর্থযাত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, বাবা বৰ্ফানিৰ দৰ্শন আৰু পূজা-অৰ্চনাৰ সৈতে জড়িত এই যাত্ৰাই ভগৱান শিৱৰ ভক্তসকলৰ মাজত অসীম শক্তিৰ সঞ্চাৰ কৰে। তেওঁ লগতে এই বুলি কামনা কৰে যে, বাবা বৰ্ফানিয়ে যেন সকলো ভক্তৰে জীৱন সমৃদ্ধ কৰি তোলে। ভক্তসকললৈ শুভেচ্ছা জ্ঞাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, পৱিত্ৰ অমৰনাথ যাত্ৰা ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ অবিৰত ধাৰাৰ শ্বাসত প্ৰতীক। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ ভক্তসকলৰ বাবে নিৰাপদ, সুগম আৰু আনন্দময় যাত্রা সুনিশ্চিত কৰিবলৈ বন্ধপৰিকৰ। চৰকাৰে ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | June 29, 2024 9:16 PM | PM Modi conveyed best wishes to all pilgrims on