ডাউনলোড
মোবাইল এপ

android apple
signal

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱা বুলি প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অভিযোগ তুলিছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে বিৰোধী দলটোৱে ভোটবেংকৰ ৰাজনীতিৰ বাবে সংবিধানৰ বুনিয়াদী নীতি উলংঘা কৰিছে। শ্রী মোদীয়ে কয় যে তেওঁ অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক কংগ্ৰেছে যে তেওঁলোকৰ সৈতে প্ৰবঞ্চনা কৰি আছে, সেই বিষয়ে অৱগত কৰিব খোজে। শ্রী মোদীয়ে কয় যে তেওঁ এই লোকসকলক অধিকাৰৰ সুৰক্ষাৰ বাবে যুঁজ দি যাব। বিৰোধী পক্ষৰ দলসমূহে তেওঁলোকৰ বিৰুদ্ধে বিধি বলৱৎকাৰী সঞ্চালকালয়, চি বি আই আৰু আয়কৰ বিভাগক ব্যৱহাৰ কৰা বুলি উত্থাপন কৰা অভিযোগ সম্পর্কে সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি আহিছে। এইবাৰৰ লোকসভা নিৰ্বাচনত জম্মু-কাশ্মীৰত হোৱা ব্যাপক ভোটদান সন্দৰ্ভত সোধা অন্য এটা প্ৰশ্নৰ উত্তৰত শ্ৰী মোদীয়ে কয় যে এয়া তেওঁৰ বাবে বৃহৎ সন্তুষ্টিৰ বিষয়, কিয়নো জম্মু-কাশ্মীৰৰ ভাই-ভনীসকলে অসীম আগ্ৰহেৰে ভোটদানৰ বাবে আগবাঢ়ি আহিছে। তেওঁলোকে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি সমগ্ৰ বিশ্ব আৰু সন্দেহৰ অৱতাৰণা কৰি অহাসকলক এটা স্পষ্ট বার্তা দিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে জনসাধাৰণে ভোটদান কৰাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কাৰোবাক জয়ী কৰাব বিচাৰে, বৰং ইয়াৰ অৰ্থ এয়ে যে তেওঁলোকে ভাৰতীয় সংবিধান গ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে লগতে সমগ্ৰ ভাৰতৰ উৎসাহৰ প্ৰতি নিষ্ঠা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক