ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ অভিনন্দন

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দলক অভিনন্দন জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্রধানমন্ত্রী মোদী, এন ডি এ মিত্ৰজোঁট আৰু প্ৰায় ৬৫ কোটি ভোটদাতাক এই ঐতিহাসিক জয়ৰ বাবে ওলগ জনাইছে। শ্রীবাইডেনে সামাজিক মাধ্যম যোগে কয় যে, উমৈহতীয়া ভৱিষ্যতৰ অসীমিত সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বাবেই দুয়োখন দেশৰ মাজৰ বন্ধুত্ব ক্রমাৎ বৃদ্ধি পাইছে।

প্রধানমন্ত্রী মোদীক ওলগ জনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেনে সামাজিক মাধ্যম যোগে কয় যে, আমৰিকা যুক্তৰাষ্ট্ৰই ভাৰত চৰকাৰৰ সৈতে সহযোগিতা আগুৱাই নিবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰা ৬৫ কোটি ভোটদাতাৰ শলাগ লয়।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে কালি প্রধানমন্ত্ৰীৰ সৈতে কথা পাতে আৰু অভিনন্দন জ্ঞাপন কৰে। শ্ৰীছুনাকে সামাজিক মাধ্যমত এটা পোষ্ট যোগে কয় যে, ভাৰত আৰু ব্ৰিটেইনৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে আৰু এই সম্পৰ্কৰ এনাজৰী সুদৃঢ়কৰণৰ প্ৰক্ৰিয়া আগলৈও অব্যাহত থাকিব।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনেও শ্রীমোদীক অভিনন্দন জনাইছে। শ্রীপুটিনে কয় যে, নির্বাচনী ফলাফলে পুনৰ শ্ৰীমোদীৰ ব্যক্তিগত উচ্চ ৰাজনৈতিক কর্তৃত্ব, ভাৰতৰ আৰ্থসামাজিক বিকাশ ত্বৰান্বিত কৰাৰ প্ৰতি সমৰ্থন আৰু বিশ্ব পৰ্যায়ত নিজৰ স্বাৰ্থ ৰক্ষাৰ কথাকে প্রতিফলিত কৰিছে। তেওঁ কয় যে, ৰাছিয়াই ভাৰতৰ সৈতে কৌশলগত সহযোগিতা সুদৃঢ় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে।

ইফালে, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ ৰাষ্ট্ৰপতি শেখ মহম্মদ বিন জায়েদ অল নাহয়ানে ভাৰতক প্ৰগতি আৰু বিকাশৰ পথলৈ লৈ যোৱাৰ ক্ষেত্ৰত শ্ৰীমোদীৰ সফলতা কামনা কৰিছে। তেওঁ কয় যে, দুয়োখন দেশৰ মাজত গভীৰ কৌশলগত সহযোগিতা আছে আৰু উভয় দেশৰ জনসাধাৰণৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ তেওঁ আগ্রহী।

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি য়ুন ছুক য়েঅ’লে সামাজিক মাধ্যমত এটা পোষ্ট যোগে কৈছে যে, লোকসভা নিৰ্বাচনৰ ফলাফলে শ্রীমোদীৰ অভূতপূৰ্ব নেতৃত্বৰ প্ৰতি ভাৰতৰ আস্থাৰ কথাকে প্রতিফলিত কৰিছে। তেওঁ লগতে ভাৰত-কোৰিয়াৰ মাজত বিশেষ কৌশলগত সম্পর্ক অধিক সুদৃঢ় কৰাৰ বাবে শ্রীমোদীৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ আগ্রহী বুলি প্ৰকাশ কৰিছে। একেদৰে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ চাৰ্লছ মিছেলে কৈছে যে, ইউৰোপীয় সংঘই ভাৰতৰ সৈতে কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আগ্রহী। তেওঁ কয় যে, মহাদেশসমূহে জলবায়ু পৰিৱৰ্তন, শান্তি-সুৰক্ষা আৰু দৰিদ্ৰতা দূৰীকৰণৰ যুঁজসহ গুৰুতৰ গোলকীয় সমস্যা সন্দৰ্ভত সহযোগিতা কৰা উচিত।

ইয়াৰ পূৰ্বে ইটালী, মৰিছাছ, ভূটান, নেপাল, মালদ্বীপ, শ্রীলংকা, কমৰচ, লিথুৱেনিয়া, কেনিয়া, চেক গণৰাজ্য, চাৰ্বিয়া, নাইজেৰিয়া, স্পেইন, ইৰান, ইউক্রেইন আৰু মালয়েচিয়াকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নেতৃবর্গই প্রধানমন্ত্রীক ওলগ জনায়। ইপিনে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নেতাকে ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক